পৰিচয়
কৰ্মকাৰ সম্প্ৰদায়ৰ সমাজৰ ইতিবৃত্তি
লিখনি- প্ৰয়াত ধনেশ্বৰ কৰ্মকাৰ,প্রাক্তন সভাপতি, কেন্দ্রীয় সমিতি
সংগ্ৰাহক – শ্ৰীখোদেশ্বৰ কৰ্ম্মকাৰ,সাংগাঠনিক সম্পাদক, কেন্দ্ৰীয় সমিতি।
“শিলবিলাক ভাঙি ভাঙি জুইত পোৰা হ'ল। এনে নেবা নেপেৰা চেষ্টাৰ ফলত লো নিহিত শিলৰ আৱিস্কাৰ হল। টান কঠোৰ পদাৰ্থই লোহা নাম পালে আৰু এই লোহা আবিস্কাৰ কৰি আহৰণ কৰা গোটটোৱে লোহা + আ = লোহাব নাম পালে।”
ইতিবৃত্ত মানে ইতিহাস, বুৰঞ্জী বা পুৰণি কথা।আৰ্যসকলে আহি ভাৰতত
থিতাপি লোৱাৰ পিচতেই এই লোৰ কাম কৰা সম্প্রদায় বা
গোষ্ঠীটোৱে ‘কৰ্ম্মং কৰোতি যঃ সঃ কৰ্ম্মকাৰ’-এই অৰ্থেৰে এই নাম পালে । এই মতে আমি কৰা সকলো কামকে কৰ্ম্ম আখ্যা দিব নোৱাৰি। যিবিলাক কামৰ দ্বাৰা কেৱল নিজৰেই নহয় আনৰো কল্যাণ সাধন হয়। কৰ্মকাৰ নাম পোৱাৰ আগতে এওবিলাক লোহাৰ বা কামাৰ নামেও পৰিচিত নাছিল । আছিল মানৱ আকৃতিৰ বৈশিষ্ট বিহীন মাংসভোজী জীৱ । প্রাকৃতিক দুর্যোগ আৰু পৰিবৰ্ত্তনে তেওঁবিলাকৰ বুদ্ধিৰ বিকাশ ঘটালে । বনজুই বা দাবানল দেখি অগ্নিৰ উৎপত্তিৰ সম্ভেদ পালে আৰু লগতে পালে অগ্নিদগ্ধ মাংসৰ সোৱাদ।বাসস্থানৰ পাৰ্থিক্যতা অনুসৰি
প্ৰথমতে তেওঁবিলাক দুটা
ফৈদত বিভক্ত আছিল। টাৱঁৰে টিলাৰে অৰ্থাৎ পাহাৰীয়া ঠাইবিলাকত থুপ খাইথকা সকলক টামৰিয়া বুলি কোৱা হৈছিল। তামৰ কাম কৰা বাবে টামৰিয়া নাম পোৱা নাছিল ।আনটো ফৈদ হ'ল গলোৱাৰ। এওঁবিলাক আগৰ টামৰিয়া ফৈদটোৰ পৰা আঁতৰি জলাহ ঠাইবিলাকত বাস কৰিছিল ।বাসস্থানৰ দূৰত্ব তথা পৰিবেশৰ
প্রভাৱে তেওঁবিলাকৰ মাত কথাত ৰীতি-নীতিত আৰু জীৱন-যাপনৰ পদ্ধতিত পাৰ্থক্যত পৰিলক্ষিত হ'ল। সুৰ আৰু তাল অনুসৰি গীত মাতৰো বেলেগ বেলেগ নাম হ'ল। টামৰিয়া সকলৰ ঝুমইৰ গীতক পাত শালিয়া বা টামৰিয়া আৰু গলোৱাৰ সকলৰ ঝুমইৰক গলোৱাৰী ঝুমইৰ নামে নামাকৰণ কৰা হয়। সোণালী জয়ন্তী বর্ষ – ২০২৩ গলোৱাৰৰ ৰীতি-নীতি নিম্ন খাপৰ হোৱা গতিকে তেতিয়াৰ দিনত টামৰিয়া বিলাকে গলোৱাৰ ছোৱালী
নিয়াত আপত্তি নাছিল, কিন্তু গলোৱাৰক ছোৱালী দিয়াত আপত্তি
আছিল।এতিয়া চোৱা হ’ক তেওঁবিলাকৰ মাজত লোহাৰ গলোৱাৰ, কামাৰ, সৎকামাৰ আদি সৰু সৰু গোট বিলাকৰ সৃষ্টি কেনেকৈ হ'ল।এই মাংসভোজী মানৱ আকৃতিৰ প্ৰাণীবিলাকৰ
এটা গোট এদিনাখন বন্য পশু চিকাৰ কৰি আনি ওচৰৰ কোনোৱা এখন নদীৰ পাৰত থৈ শুকান খৰি খেৰ গোটাই দুচটা শিলৰ ঘৰ্ষণৰ জুইৰ ফিৰিঙটিৰ সৃষ্টি কৰি জুই জলালে। জুইত পশু বিলাক পুৰিলে, নদীৰ পানীতে ধুই আনন্দ মনেৰে খালে। তাৰ পৰা যাবৰ সময়ত ঠাই ডোখৰ পৰিস্কাৰ কৰিবৰ সময়ত তলত বালিৰ কিছুমান স্তৰত গোটা টান বস্তু হাতেৰে স্পৰ্শ কৰিলে। নদীৰ মিহি বালিত এই গোটা ক’লা টান বস্তু বিলাক আহিল কৰা পৰা।
তাৰেই ওচৰ পাৰৰ বালিত তেনে বস্তু পোৱা নগ'ল। তেতিয়া তেওঁবিলাকে অনুমান কৰিলে যে নৈৰ বালিত এনে
কিছুমান পদার্থ মিহলি হৈ আছে যিবিলাক জুইৰ তাপ পালে
গলি গোট বান্ধে। ইয়াৰ পিচত প্রমাণ চাবৰ কাৰণে
বালিৰ দমত জুই জলাবলৈ ধৰিলে। অনুমান সঁচা হ'ল । গৱেষণা চলিল । নদীৰ বালিত শিলৰ গুৰি মিহলি আছে। কোনবিলাক শিলত এনে পদার্থ নিহিত আছে। শিলবিলাক ভাঙি ভাঙি জুইত পোৰা হ'ল ।এনে নেৰা নেপেৰা চেষ্টাৰ ফলত লো নিহিত শিলৰ আৱিস্কাৰ হল । টান কঠোৰ পদাৰ্থই লোহা নাম পালে আৰু এই লোহা আবিস্কাৰ কৰি আহৰণ কৰা টটোৱে লোহা বিচাৰত, ৰীতি-নীতিত পৰিৱৰ্ত্তন ঘটে আৰু নিজক সৎকামাৰ + আ = লোহাৰ নাম পালে । যিটো গোটে লোহা বিলাক
বুলি পৰিচয় দি উন্নত বুলি ভাবে। এওঁ বিলাকে অন্যান্য জুইত পুৰি গলোৱা কামত আত্ম নিয়োগ কৰিলে
সেই গোটটোৱে গল +
ওৱাৰ = গলোৱাৰ নাম পালে আৰু গলোৱাৰ নাম পালে আৰু যিটো গোটে এই গলোৱা লোহাবিলাক শিলেৰে খুন্দি খুন্দি চেপেটা কৰি শিলত ঘঁহি ঘঁহি চিকাৰ আৰু যুদ্ধৰ কামত কামাৰ সম্প্ৰদায়ৰ ছোৱালী আনিব পাৰে কিন্তু ছোৱালী দিবলৈ নিবিচাৰে।কৰ্মকাৰ সম্প্ৰদায়ৰ কামাৰ সকলে ইতিমধ্যে অস্ত্র শস্ত্ৰ গঢ়া সজুলি বিলাক নিজে উত্ পাদিত লোৰে যেনে অহাকৈ অস্ত্ৰ ৰূপে গঢ় দিলে সেই গোটটো কাম + আৰ নিহাই, হাতুৰি, চেপেনা (সাঁড়সী) আদি গঢ়ি লৈছিল। = কামাৰ নাম পালে। এই গোট বিলাকক অন্যান্য সাংসাৰিক কামত যিবিলাক গোটে সহায় কৰিছিল সেইবিলাক গোটক হটকটীয়া, নাগপুৰীয়া, ভকৰা, কমালি আৰু নাড়ী কামাৰ নামে জনা যায়। অতীতত পৃথিৱীৰ কোনো সম্প্রদায়তেই সদ্যজাত শিশুৰ নাড়ী কটা কামৰ বাবে বিশেষ কোনো বৃত্তিধাৰী নাৰী নাছিল । সম্প্ৰদায়ৰে অভিজ্ঞতা থকা নাৰীয়ে সদ্যজাত শিশুৰ নাড়ী কাটিছিল। তেতিয়া এই কাৰ্যক অশুচি বুলি গণ্য কৰা নহৈছিল। পিচলৈ যেতিয়া ই বৃত্তিত পৰিণত হয়, তেতিয়া এনে বৃত্তি কৰা নাৰী সকলৰ পৰিয়াল
বৰ্গ অশুচি জাতি ৰূপে পৰিগণিত হয়। নাড়ী কামাৰ বা নাড়ী কাটা কামাৰ সকলে এনে পৰিস্থিতিৰ বলি হয়, কাৰণ তেওঁবিলাক প্রশিক্ষণ লোৱা
ডাক্তৰ, মিডৱাইফ বা নাৰ্চ নহয় অথচ সেই সংকট মুহূৰ্ত্তত নগৰৰ পৰা আতৰ ঠাই বিলাকত তেওঁবিলাকেই উদ্ধাৰ কৰে। গতিকে তেওঁবিলাকক অস্পৃশ্য বুলি গণ্য নকৰি সম্প্ৰদায়ত সন্মান সহ স্থান দিয়াটো মানৱোচিত কাম হ'ব।এই কামাৰ সকলৰ এটা গোটৰ ওপৰত কোনো এক সৎসঙ্গৰ প্ৰভাৱ পৰে যাৰ ফলত তেওঁ বিলাকৰ আচাৰ-ভাৰতৰ বিভিন্ন প্ৰান্তত তেওঁবিলাকৰ
বৃত্তিয়ে প্ৰসাৰতা লাভ কৰাৰ লগে লগে প্ৰান্তিয় ভাষা অনুসৰি
তেওঁবিলাকৰ নামো বেলেগ বেলেগ হ'ল। আদিতে এই কামাৰসকলৰ আদি বাসস্থান আছিল বিহাৰৰ লোহাৰদাগা, ঝাইলদা, হাজাৰিবাগ, বাঁচি, পুকলা,বাঘমুড়া, ডুমুকা আৰু নাগপুৰ, চুৰগোঞ্জা ইত্যাদি। ইংৰাজ সকলে ভাৰতলৈ আহি থিতাপি লোৱাৰ আগলৈকে এওঁবিলাক বৃত্তিজীৱি, কৃষিজীৱি আৰু শ্ৰমজীৱি হিচাবে জীৱন নিৰ্বাহ কৰিছিল। লৌহ নিৰ্মাণত বিদেশী বস্তুৰ আমদানি হোৱাত এওঁ বিলাকৰ বৃত্তিত ব্যাঘাত জন্মে সামন্ত, ৰজা আৰু জমিদাৰ সকলে মাটি বাৰী কাঢ়ি
লোৱাত কৃষি কৰ্মৰো মুদা মৰে। শ্ৰমজীৱি সকলে বেগাৰি খাটিবলৈ টান পাই জীৱন নিৰ্বাহৰ বাবে অনা পথ বিচাৰিবলৈ ধৰিলে। এনেতে গাছে ফৰে টাকা অসম দেশৰ চাহ বাগিচা বিলাকৰ সম্ভেদ পাই, কুলি নাম লৈ এইখন অসম ৰাজ্যলৈ আহিল আৰু আজি অসম চাহ জনজাতি সমাজৰ এটি সম্প্রদায় ৰূপে নিজৰ অস্তিত্ব ৰক্ষা কৰিবলৈ যত্নপৰ হৈছে।
২০০২ চনৰ পৰা বৰ্তমান লৈকে
কৰ্মকাৰ সম্প্ৰদায় সন্থা কেন্দ্ৰীয়
সমিতিৰ সভাপতি-সম্পাদক সকলৰ নাম
চন |
সভাপতি |
সাধাৰণ সম্পাদক |
২০০২-২০০২ |
ধনেশ্বৰ কৰ্মকাৰ |
লবীন কৰ্মকাৰ |
২০০২-২০০৯ |
ধনেশ্বৰ কৰ্মকাৰ |
লবীন কৰ্মকাৰ |
২০০৯-২০১১ |
ধনেশ্বৰ কৰ্মকাৰ |
লবীন কৰ্মকাৰ |
২০১১-২০২২ |
শংকৰ কৰ্মকাৰ |
লবীন কৰ্মকাৰ |
২০২২-২০২৩ |
লবীন কৰ্মকাৰ |
প্ৰয়াত দেৱীচৰণ লোহাৰ |
২০২৩…
|
লবীন কৰ্মকাৰ |
অচিত কৰ্মকাৰ |